বিবিধ নিউজ ,শদিয়া,২ ডিচেম্বৰ : মঙলবাৰে শদিয়াৰ দুটাকৈ ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয় । শদিয়াৰ ৫ নং শান্তিপুৰ অঞ্চলত এজন বাইক আৰোহী এখন টাটা পিক আপ গাড়ীৰ লগত দুৰ্ঘটনাত পতিত হোৱাৰ ফলত বাইক আৰোহী জনৰ ঘটনাস্থলীতে মৃত্যু হয় । মৃত যুৱকজনৰ নাম পলাশ মৰাণ (২৫) আৰু তেওঁৰ ঘৰ তালাপ কৰ্দৈগুৰি ১ নং হাতীশাল গাঁওত বুলি জানিব পৰা গৈছে। যুৱকজনে শদিয়াৰ ৫ নং টকাজন গাঁওলৈ বায়েকৰ ঘৰত আয়োজন কৰা অনুষ্ঠান এটাত উপস্থিত থাকি নিজ গৃহলৈ উভতি যোৱাৰ পথত এই দুৰ্ঘটনা সংঘটিত হয়। বৰ্তমান যুৱকজনৰ মৃতদেহ চাপাখোৱাৰ এফ আৰ ইউ চিকিৎসালয়ত মৰণোত্তৰ পৰীক্ষাৰ বাবে ৰখা হৈছে । অন্যহাতে নিশা ডঃ ভূপেন হাজৰিকা সেঁতুত অইন এটা ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয় ।
ডাম্পাৰ আৰু বলেৰ পিক আপ ভানৰ মাজত হোৱা মুখামুখি সংঘৰ্ষত বলেৰ পিক আপ ভানৰ চালক জন থিতাতে নিহত হয় । নিহত পিক আপ বলেৰ চালক জনৰ নাম দিলীপ সোনাৰ আৰু ইতিমধ্যে আৰক্ষীয়ে ডাম্পাৰ চালক জনক আটক কৰিছে বুলি জানিব পৰা গৈছে।