শদিয়াত নিৰ্মাণ হ'ব কোটিটকীয়া আৰক্ষী নিৱেশ

 



ডিজিটেল ডেস্ক ,বিবিধ নিউজ,২৯নৱেম্বৰ২০২০:অসমত প্ৰায় দুশ বাষষ্ঠি কোটি টকাৰ আধুনিক পি. ই .বি প্ৰযুক্তিৰে অসমৰ বিভিন্ন ঠাইত ১০০ টা আৰক্ষী নিৱেশৰ প্ৰায় ৭২ টা প্ৰকল্পৰ  কাম ইতিমধ্যে নিৰ্মাণৰ প্ৰস্তুতি আৰম্ভ হৈছে ।অসম আৰক্ষীৰ সৱলীকৰণ আৰু আধুনিকীকৰণৰ ওপৰত গুৰুত্ব আৰোপ কৰি এই পদক্ষেপ লোৱা হৈছে। আজি মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে নিজ সমষ্টি মাজুলীৰ জেংৰাইমুখত উপস্থিত হৈ  ভিডিও কনফাৰেন্সৰ মাধ্যমেৰে একে সময়তে অসমৰ  বিভিন্ন ঠাইৰ ৭২ টা আৰক্ষী নিৱেশৰ আধাৰশিলা উদ্বোধন কৰে ।উদ্বোধনী অনুষ্ঠানত উপস্থিত থাকে লখিমপুৰ লোকসভা সমষ্টিৰ সাংসাদ প্ৰদান বৰুৱা , মন্ত্ৰী যোগেন মোহন আৰু মন্ত্ৰী নৱ কুমাৰ দলে । অসমৰ বিভিন্ন ঠাইৰ লগতে শদিয়াটো এটা আৰক্ষী নিৱেশৰ প্ৰকল্প তালিকাভুক্ত হৈছে আৰু আজি শদিয়াৰ সদৰ আৰক্ষী থানাৰ সমীপত নিৰ্মাণ হবলগীয়া আৰক্ষী নিৱেশৰ প্ৰকল্পৰো আধাৰশিলা স্থাপন কৰা হয় ।


ভিডিও কনফাৰেন্স যোগে হোৱা আধাৰশিলা অনুষ্ঠানত শদিয়া আৰক্ষী জিলাৰ আৰক্ষী অধীক্ষক চুমিত শৰ্মাৰ লগতে   অতিৰিক্ত আৰক্ষী অধীক্ষক সত্যৰঞ্জন শইকীয়া ,সংলগ্ন ৰাজহ চক্ৰ বিষয়া উপাসনা দুৱৰা ,ৰাজহ চক্ৰ বিষয়া বৰষা দুৱৰা আৰু উপ: আৰক্ষী অধীক্ষক মাখন বৰাৰ উপস্থিতিত শদিয়াৰ বিশিষ্ট ব্যক্তিসকলৰ লগতে বিভিন্ন দল সংগঠনে এই অনলাইন আধাৰশিলা অনুষ্ঠানত ভাগ লয় ।শদিয়াত নিৰ্মাণ হবলগীয়া আৰক্ষী নিৱেশটো ৭৮,৭৪৭,৫৬৪ টকা ব্যয় কৰা হব বুলি সদৰী কৰিছে।শদিয়াৰ সচেতন সমাজ আৰু দল সংগঠনে এই আদৰণীয় পদক্ষেপত আনন্দিত হৈ পৰিছে ।এক কথাত কবলৈ গলে এই সুবিধাৰ দ্বাৰা আৰক্ষীৰ জোৱান সকল বহু ক্ষেত্ৰত উপকৃত হ'ব।

Ritu Bhuyan

My name is sri Rituparna Bhuyan.I am from jagun.district tinsukia,state assam,pin 786188.

Post a Comment

Previous Post Next Post