বিবিধ নিউজ ,লেখাপানী ,২৯ নৱেম্বৰ ২০২০:
তিনিচুকীয়া জিলাৰ কুমচাই গাওঁ পঞ্চায়তৰ অন্তৰ্গত পাংচুন গাঁৱৰ বৌদ্ধ বিহাৰত বৌদ্ধ ধৰ্মাৱলম্বী লোক সকলৰ সাংঘা কান্দপয় উৎসৱ অতি সুন্দৰভাৱে অনুষ্ঠিত হৈ যায়।২৮ আৰু ২৯ নৱেম্বৰ তাৰিখে আয়োজন কৰা এই উৎসৱৰ প্ৰথম দিনা বিশ্ব বৌদ্ধ পতাকা উত্তোলনেৰে শুভাৰম্ভ কৰা হয়। তাৰ পাছতেই মঙ্গলা চৰণ,ভিক্ষু সংঘক অন্ন দান,বৌদ্ধ মূৰ্ত্তিৰে শোভাযাত্ৰা ইত্যাদি কাৰ্যসূচী পালন কৰা হয়।ইয়াৰোপৰি ২৯ তাৰিখৰ দিনা বৌদ্ধ মূৰ্ত্তি উজ্জীপন, বৌদ্ধ বিহাৰ দান,কঠিন চিৱাৰা দান,কল্পতৰু লৈ শোভাযাত্ৰা আৰু ধৰ্ম সভা ইত্যাদিৰে উৎসৱৰ সামৰণি পৰে।এই উৎসৱত বৌদ্ধ ধৰ্মাৱলম্বী লোক সকলে তিনিমহীয়া যি তিথি পালন কৰে সেই সময়ত অজানিতে হৈ যোৱা নানান ভুল ভ্ৰান্তি সমূহৰ দ্বাৰা যাতে কোনো ধৰণৰ অপায়-অমংগল নঘটে তাৰ পৰা পৰিত্ৰাণ পাবলৈ বিভিন্ন ঠাইৰ বৌদ্ধ ভিক্ষু সকলক আমন্ত্ৰণ কৰি আনি এই মাংগলিক কাৰ্য সম্পাদন কৰা হয়। এই দুদিনীয়া কাৰ্যসূচীত বিশেষকৈ পূৰ্বাঞ্চল বৌদ্ধ সমিতিৰ অন্তৰ্গত অসম অৰুণাচলৰ ৬টাকৈ গোটৰ ধৰ্ম গুৰু সকলে অংশগ্ৰহণ কৰিছে বুলি উদ্যোক্তা সকলে জানিবলৈ দিয়ে।অন্তিম দিনা মাৰ্ঘেৰিটা সমষ্টিৰ বিধায়ক ভাস্কৰ শৰ্মাৰ লগতে বহু গণ্য মান্য ব্যক্তি এই অনুষ্ঠানত উপস্থিত থাকে।।