মাৰ্ঘেৰিটাত নাৰ্চিং হোমৰ আৱৰ্জনা পেলোৱা স্থানত উদ্ধাৰ সদ্যোজাত শিশুৰ মৃতদেহ

  


বিবিধ নিউজ ,মাৰ্ঘেৰিটা ২৭নৱেম্বৰ ২০২০:তিনিচুকীয়া জিলাৰ মাৰ্ঘেৰিটা নগৰৰ মাজমজিয়াত থকা ডাঃ মোবাৰক আলী মালিকানাধীন মোনাফ মেম'ৰিয়েল নাৰ্চিং হোমৰ আৱৰ্জনা পেলোৱা স্থানত এক সদ্যোজাত মৃত শিশু উদ্ধাৰক লৈ চাঞ্চল্যৰ সৃষ্টি হৈছে। কুকুৰে মৃত শিশুটিক ভক্ষণ কৰিবলৈ লওঁতেই কিছু লোকে প্ৰত্যক্ষ কৰে। পাছত মৃতদেহটো নাৰ্চিংহোমখনৰ কৰ্মচাৰীয়ে উক্ত আৱৰ্জনা পেলোৱা স্থানতে পুতি ৰাখে।



অৰুণাচল প্ৰদেশৰ চাংলাঙৰ এহাল দম্পতিৰ বৃহস্পতিবাৰে নিশা জন্ম হৈছিল মৃত শিশুটি।  নাৰ্চিংহোমখনৰ কৰ্মচাৰীক শিশুটি সমাধিস্থ কৰিবলৈ দিয়া হৈছিল যদিও জাবৰ জোথৰ পেলোৱা স্থানত পেলাই থৈ যোৱাত এনে পৰিস্থিতিৰ সৃষ্টি হয়। গুৰুত্বপূৰ্ণ কথা হল এইদৰে নাৰ্চিংহোমৰ চৌহদতে মৃতদেহ সৎকাৰ কৰাৰ অনুমতি আছেনে? আৰু মৃত শিশুক এনেদৰে অতি নিৰ্দয় ভাবে যত তত দলিয়াই দিয়াটো কেনেধৰণৰ মানসিকতা ?ৰাজ্যত এনে ধৰণৰ বহু চিকিৎসালয় আছে যত এনেধৰণৰ অমানৱীয় কাৰ্য -কলাপ সংঘটিত হৈ থাকে,এয়া মাথোঁ এটা উদাহৰণ।এনে চিকিৎসালয় সমূহৰ বিৰুদ্ধে প্ৰশাসনে কেনে ব্যৱস্থা গ্ৰহণ কৰে সেয়া সময়ত লক্ষণীয় হব।।

Ritu Bhuyan

My name is sri Rituparna Bhuyan.I am from jagun.district tinsukia,state assam,pin 786188.

Post a Comment

Previous Post Next Post