জাগুন,১২ ছেপ্টেম্বৰ২০২১:অসম- অৰুণাচল সীমান্তৱৰ্তী জাগুনৰ কাষতে থকা টিংকুপানী সংৰক্ষিত বনাঞ্চলত অভিযান চলাই অসম আৰক্ষী আৰু জয়ৰামপুৰস্থিত অসম ৰাইফলছে আলফাৰ এগৰাকী মহিলা কেডাৰক আটক কৰিবলৈ সক্ষম হৈছে।আটক হোৱা কেডাৰ গৰাকী গোলাঘাটৰ পূৰ্ণিমা বৰা ওৰফে মিতু অসম।।আটক কৰা হৈছে নে আত্মসমৰ্পণ কৰিলে সেয়া স্পষ্ট হোৱা নাই। ২০০০ চনতেই আলফাত যোগদান কৰিছিল পূৰ্ণিমা বৰাই। বৰ্তমান কেডাৰ গৰাকী তিনিচুকীয়া আৰক্ষীৰ জিম্মাত আছে বুলি জানিব পৰা গৈছে।