টিৰাপত টাইপা মাৰ্ঘেৰিটা আঞ্চলিক সমিতিৰ উদ্যোগত টাই আহোমৰ মাংগলিক অনুষ্ঠান "ৰিক খন মুঙ"ৰ অভ্যৰ্থনা সমিতি গঠন

 



শৰৎ গগৈ,জাগুন,২ ছেপ্টেম্বৰ - ঐতিহাসিক টাই আহোম জনগোষ্ঠীৰ অন্যতম পৰম্পৰা আৰু মাংগলিক অনুষ্ঠান হৈছে "ৰিক খন মুঙ" । "ৰিক খন মুঙ" পৰম্পৰা টাই আহোমৰ  প্ৰণালীবদ্ধতাৰে কৰা এক পৌৰাণিক ৰীতি নীতি, ই এক প্ৰকাৰৰ তাই আহোম সকলৰ পুৰোহিত তথা মুলঙ সকলে কৰা দেশ জাতিৰ আয়ুস বৃদ্ধিৰ লগতে টাই আহোম জনগোষ্ঠীৰ উত্তৰণ আৰু সৰ্বতোপ্ৰকাৰে মংগলৰ বাবে কৰা এক পূজা অৰ্চনা । উক্ত পূজা ভাগ টাইপা কেন্দ্ৰীয় সমিতিৰ নিৰ্দেশমৰ্মে মাৰ্ঘেৰিটা আঞ্চলিক সমিতিয়ে টিৰাপ মৌজাৰ তিনিমাইলস্থিত ক্ষুদ্ৰ চাহ খেতিয়ক সন্থাৰ কাৰ্যালয়ৰ প্ৰাঙ্গনত অহা ইং ২১ ছেপ্টেম্বৰত দুদিনীয়া কাৰ্যসূচীৰে কেন্দ্ৰীয় ভাবে "ৰিক খন মুঙ" মাংগলিক অনুষ্ঠানভাগ অনুষ্ঠিত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে । আজি লেখাপানীৰ উদয়পুৰস্থিত দিহিং ভেলী কনিষ্ঠ মহাবিদ্যালয়ত এখনি অভ্যৰ্থনা সমিতি গঠন কৰা হয় । টাইপা মাৰ্ঘেৰিটা মহকুমা সমিতিৰ উদ্যোগত অনুষ্ঠিত হোৱা ৰাজহুৱা সভাখনত সংগঠনটোৰ মহকুমা সমিতিৰ সভাপতি মানচাও জানা সন্দিকৈৰ পৌৰহিত্যত এখনি সক্ৰিয় সুস্থ সৱল অভ্যৰ্থনা সমিতি গঠন হয় । "ৰিক খন মুঙ" অভ্যৰ্থনা সমিতি খনৰ সভাপতি হিচাপে দায়িত্ব অৰ্পণ কৰে চাওঁ সুশীল গগৈক, সম্পাদক চাওঁ তিলেশ্বৰ গায়নক ইত্যাদি কৰি কেইবাজনীয়া এখন অভ্যৰ্থনা সমিতি গঠন কৰে । সভাত টাই আহোম জনগোষ্ঠীৰ শতাধিক গণ্য মান্য লোক উপস্থিত থকাৰ উপৰিও টাই আহোম ছাত্ৰ সন্থা পাটকাই আঞ্চলিক, অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ টিৰাপ জাগুন আঞ্চলিক সমিতি, আহোম সভাৰ আঞ্চলিক সমিতিৰ বিষয়ববীয়া সকল উপস্থিত থাকে । নৱনিৰ্বাচিত অভ্যৰ্থনা সমিতিৰ বিষয়ববীয়া সকলে আহোম সকলৰ সকলো জ্ঞাতিবৰ্গক ৰিক খন মুঙ মাংগলিক অনুষ্ঠানটিলৈ সদলবলে অংশগ্ৰহণ কৰাৰ উপৰিও সকলোকে সহায় সহযোগিতা আগবঢ়াবলৈ সংবাদ মাধ্যমৰ যোগেদি আহ্বান জনায় । 


Ritu Bhuyan

My name is sri Rituparna Bhuyan.I am from jagun.district tinsukia,state assam,pin 786188.

Post a Comment

Previous Post Next Post