ডিজিটেল ডেস্ক বিবিধ নিউজ ,৭ ডিচেম্বৰ ২০২০ : ভাষা থাকিলেহে এটা জাতি জীয়াই থাকিব।।এয়া সকলোৰে জ্ঞাত কথা।।সদ্য ঘোষিত ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ভাষা অধ্যয়ন কেন্দ্ৰৰ টাই ভাষাৰ স্নাতকোত্তৰৰ যি ফলাফল তাত কেন্দ্ৰটোৰ ভিতৰতে ১৬ গৰাকী ছাত্ৰীৰ ভিতৰত প্ৰথম বিভাগ প্ৰথম স্থান দখল কৰিবলৈ সক্ষম হৈছে জাগুনৰ ফানেঙ গাঁওৰ শিক্ষক ঘন গগৈ আৰু যোগেশ্বৰী গগৈৰ জীয়াৰী তৃষ্ণা গগৈয়ে।অন্যহাতে ফানেঙ গাঁওৰ যোগেশ হাতীমূৰীয়া আৰু জুনু হাতীমূৰীয়াৰ জীয়াৰী নমিতা হাতীমূৰীয়াই প্ৰথম বিভাগত উত্তীৰ্ণ হৈ সমগ্ৰ অঞ্চলটোলৈ গৌৰৱ কঢ়িয়াই আনিছে।আজি ছাত্ৰী কেইগৰাকীৰ বাসগৃহত টাই আহোম যুৱ পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ সহ সম্পাদক চাও নৱজিত বৰুৱা,টাই আহোম যুৱ পৰিষদ মাৰ্ঘেৰিটা মহকুমা সমিতিৰ সভাপতি চাও জানা সন্দিকৈ ,কাৰ্যকৰী সভাপতি চাও প্ৰমোদ গগৈ ,উপ সভাপতি চাও দেৱজিত ফুকন ,মাৰ্ঘেৰিটা আঞ্চলিক সমিতিৰ সভাপতি সম্পাদক ক্ৰমে চাও অজিত বেজবৰুৱা আৰু চাও মহেন্দ্ৰ গগৈ, সদৌ টাই আহোম ছাত্ৰ সন্থা তিনিচুকীয়া জিলা সমিতিৰ উপ সভাপতি চাও তিলেশ্বৰ গায়ন,টাই আহোম যুৱ পৰিষদ টিৰাপ আঞ্চলিক সমিতিৰ সভাপতি সম্পাদক ক্ৰমে চাও সুশীল গগৈ আৰু চাও মিলন গগৈ লগতে সংগঠন কেইটাৰ বহু বিষয় ববীয়া উপস্থিত হৈ ছাত্ৰী কেইগৰাকীক সম্বৰ্ধনা জ্ঞাপন কৰে।আৰু ছাত্ৰী কেইগৰাকীৰ এই সফলতাক শলাগ লৈ টাই ভাষাৰ প্ৰসাৰৰ ক্ষেত্ৰত কিদৰে আগবাঢ়িব পাৰি এই সন্দৰ্ভত উপস্থিত থকা বিভিন্ন জনে সাৰুৱা মন্তব্য প্ৰদান কৰে।।