ৱাৰাত নির্মাণ হব এখন ওলমা দলং




ডিজিটেল ডেস্ক,বিবিধ নিউজ ৮ ডিচেম্বৰ ২০২০ : অসম অৰুণাচল সীমান্তৱৰ্তী এখন গাঁও হল ৱাৰা।তিনিচুকীয়া জিলাৰ জাগুনৰ কাষতেই লাগি আছে গাঁওখন।কিন্তু গাঁওখনৰ মাজেদি ধীৰ গতিৰে বৈ আছে টিৰাপ নৈ খন।যাতায়তৰ একমাত্ৰ থল তেওঁলোকৰ টুলুঙা নাওঁখন।এখন নাওঁক সাৰথি কৰি তেওঁলোকে জীৱন নিৰ্বাহ কৰি আছে।এই দুখ দুৰ্দশাৰ প্ৰতি সহমৰ্মিতা প্ৰকাশ কৰি জাগুন পঞ্চায়তৰ সভাপতিৰ নেতৃত্বত চতুৰ্দশ বিত্তীয় আয়োগৰ ২০১৮-১৯ আঁচনিৰ অধীনত এখন ওলমা দলং নিৰ্মান কৰি দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে ।তদুপলক্ষে আজি জাগুন পঞ্চায়তৰ উদ্যোগত দলং নিৰ্মাণৰ আধাৰশিলা স্থাপন কৰা হয়।এই অনুষ্ঠানত উপস্থিত থাকে জাগুন গাঁও পঞ্চায়তৰ সভাপতি দীপক শৰ্মা,মাৰ্ঘেৰিটা ব্লক মণ্ডল ভাৰতীয় জনতা পাৰ্টীৰ সাধাৰণ সম্পাদক তীৰ্থ বসুমতাৰী, জাগুন পঞ্চায়তৰ সচিব মলয় চৌধুৰীআৰু জাগুন আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া বিজু দাস ৰ লগতে গাঁও খনৰ ৰাইজ ।দলং নিৰ্মান হব বুলি গম পাই গাঁওবাসী এতিয়া উৎফুল্লিত হৈ পৰিছে।।

Ritu Bhuyan

My name is sri Rituparna Bhuyan.I am from jagun.district tinsukia,state assam,pin 786188.

Post a Comment

Previous Post Next Post