নিংগামত অসম আৰক্ষীত কৰ্মৰত জোৱানৰ বাসগৃহ জুইত জাহ: ১০ লাখৰ অধিক সম্পত্তি ৰূপান্তৰিত হল ছাইলৈ





বিবিধ নিউজ ,জাগুন,২৩ ডিচেম্বৰ ২০২০: তিনিচুকীয়া জিলাৰ লেখাপানী থানাৰ অন্তৰ্গত কুমচাই পঞ্চায়তৰ নিংগাম  গাঁওৰ নিবাসী অসম আৰক্ষীত কৰ্মৰত বৰ্তমান ডিফুত নিয়োজিত অংঠোন চাখাপৰ গাঁওস্থিত বাসগৃহটো বুধবাৰে পুৱতি নিশা অগ্নিকাণ্ডৰ ফলত সম্পূৰ্ণ জাহ যায়।প্ৰায় নিশা দুই মান বজাত এই ঘটনা সংঘটিত হয়।অগ্নিকাণ্ডৰ প্ৰকৃত কাৰণ জানিব পৰা হোৱা নাই যদিও বৈদ্যুতিক চৰ্ত চাৰ্কিট বুলি সন্দেহ কৰা হৈছে।অগ্নিকাণ্ডৰ ফলত এটা ছিলিণ্ডাৰো বিস্ফোৰিত হয় আৰু অতি কম সময়ৰ ভিতৰত সম্পূৰ্ণ ঘৰটো জ্বলি ছাই হৈ যায়।ঘটনা সংঘটিত হোৱাৰ সময়ত চাখাপৰ মাতৃ আৰু পত্নী উপস্থিত আছিল আৰু তেওঁলোকে কোনোমতে নিজৰ প্ৰাণ বচাবলৈ সক্ষম হয়।জুইত প্ৰায় দহ লাখ মূল্যৰ সম্পত্তি জাহ যায় বুলি সন্দেহ কৰা হৈছে।

Ritu Bhuyan

My name is sri Rituparna Bhuyan.I am from jagun.district tinsukia,state assam,pin 786188.

Post a Comment

Previous Post Next Post