বিবিধ নিউজ,জাগুন,৬ জানুৱাৰী২০২১:ৰাষ্ট্ৰীয় পৰ্যায়ত জিলিকিল জাগুনৰ কিশোৰী।কাৰাটেত প্ৰথম স্থান দখল ঋত্বিকা ৰায়ৰ।তিনিচুকীয়া জিলাৰ জাগুনলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছে ঋত্বিকা ৰায় নামৰ এগৰাকী কিশোৰীয়ে।খড়গপূৰত অনুষ্ঠিত হোৱা কাৰাটে চেম্পিয়নশ্চিপ প্ৰতিযোগিতাৰ ১৮ বছৰ ঊৰ্দ্ধৰ শাখাত প্ৰথম স্থান দখল কৰি অসম তথা জাগুনলৈ গৌৰৱ কঢ়িয়াই আনিলে জাগুন দহ মাইলৰ সুন্দৰ সিং ৰায় আৰু চোম মায়া ৰায়ৰ কন্যা ঋত্বিকা ৰায়ে।আজি তেওঁৰ বাস গৃহত অসম য়ুথ ক্লাৱৰ বিষয় ববীয়া উপস্থিত হৈ সম্বৰ্ধনা জ্ঞাপন কৰে।ঋত্বিকাৰ এই সফলতাত এতিয়া জাগুন বাসী উৎফুল্লিত হৈ পৰিছে।।