জাগুনত ড্ৰাগছৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান

ডিজিটেল ডেস্ক,বিবিধ নিউজ,১০ জানুৱাৰী ২০২১:জাগুনত এতিয়া সুলভ হৈ পৰিছে নিষিদ্ধ ড্ৰাগছৰ ৰমৰমীয়া বেহা।জাগুনৰ লাকলা, কাৰপুংপুলি, আদি অঞ্চলত এতিয়া সুলভ  হৈ পৰিছে ড্ৰাগছ।।ড্ৰাগছৰ বিৰুদ্ধে এতিয়া অভিযান তীব্রতৰ কৰি তুলিছে জাগুন আৰক্ষী চকীৰ বিষয়া বিজু দাসে।।ড্ৰাগছৰ ৰমৰমীয়া বেপাৰ চলোৱা বুলি অভিযোগ থকা ৰাজা পেগুৰ ঘৰত আৰক্ষীয়ে হঠাৎ অভিযান চলায়। ৰাজা পেগুৰ বাসগৃহত অভিযান চলোৱাৰ সময়ত সামান্য পৰিমাণৰ ড্ৰাগছ জব্দ কৰা লগতে তিনিজন ব্যক্তিক তেওঁৰ বাসগৃহত আৰক্ষীয়ে পাই ড্ৰাগছ ক্ৰয় কৰিব অহাৰ সন্দেহত আৰক্ষী চকীলৈ জেৰাৰ বাবে লৈ আহে।ৰাজা পেগু আৰু তেওঁৰ পত্নী আৰক্ষীৰ চকুত ধূলি দি আঁতৰি যাবলৈ সক্ষম হয়। ঘাটি বহু আছে কিন্তু গোপন খবৰৰ ভিত্তিত আৰক্ষী অহাৰ উমান পায়েই সাৰি গৈছে এতিয়া ড্ৰাগছ বেপাৰী।নিতৌ জাগুনৰ ড্ৰাগছ পোৱা বিভিন্ন ঘাটিত ভিৰ কৰে বহু অচিনাক্ত যুৱকে।।আচল ৰৌ বৰালি কেতিয়া ধৰিবলৈ সক্ষম হব জাগুন আৰক্ষী সেয়াহে লক্ষণীয় হব।।

Ritu Bhuyan

My name is sri Rituparna Bhuyan.I am from jagun.district tinsukia,state assam,pin 786188.

Post a Comment

Previous Post Next Post