জাগুনত মৃতদেহ উদ্ধাৰ

 বিবিধ নিউজ ,জাগুন ১৭ জানুৱাৰী ২০২১:তিনিচুকীয়া জিলাৰ জাগুন আৰক্ষী থানাৰ অন্তৰ্গত জাগুনৰ টিংকুপানী সংৰক্ষিত বনাঞ্চলৰ কাষতে থকা বাগানৰ মাজত দেওবাৰে গধূলি স্থানীয় ৰাইজে এটা মৃতদেহ প্ৰত্যক্ষ কৰে।মৃতদেহ টো গেলি যোৱাৰ ফলত চিনাক্ত কৰিব পৰা নাই।বহু দিনৰ পৰা মৃতদেহটো উক্ত স্থানত পৰি থকাৰ সন্দেহ কৰা হৈছে। জাগুন আৰক্ষী উক্ত স্থানত উপস্থিত হৈ মৃতদেহ উদ্ধাৰ কৰি থানালৈ লৈ অনাৰ ব্যৱস্থা কৰিছে।মৰণোত্তৰ পৰীক্ষাৰ পাছত গম পোৱা যাব এয়া আকস্মিক মৃত্যু,হত্যা নে আত্মহত্যা।


Ritu Bhuyan

My name is sri Rituparna Bhuyan.I am from jagun.district tinsukia,state assam,pin 786188.

Post a Comment

Previous Post Next Post