জ্যেষ্ঠ কংগ্ৰেছ নেতা হৰিনন্দ গড়ৰ মাৰ্ঘেৰিটাত ৩ শতাধিক সমৰ্থক সহ AJP দলত যোগদান

 





ডিজিটেল ডেস্ক,বিবিধ নিউজ,১৭ জানুৱাৰী ২০২১:মাৰ্ঘেৰিটাৰ জ্যেষ্ঠ কংগ্ৰেছ নেতা হৰিনন্দ গড়ে আজি  ৩  শতাধিক সমৰ্থক সহ AJP দলত যোগদান কৰে । তিনিচুকীয়া জিলা কংগ্ৰেছ কমিটিৰ উপ- সভাপতি পদত কাৰ্যনিৰ্বাহ কৰি আছিল হৰিনন্দ গড়ে ।অসম  চাহ মজদুৰ সংঘৰ মাৰ্ঘেৰিটা শাখাৰ সম্পাদক হিচাপে বহু বছৰৰ পৰা কাৰ্যনিৰ্বাহ কৰি আছিলে গড়ে ।৩০ ডিচেম্বৰত জিলা সভাপতিলৈ পদত্যাগ পত্ৰ প্ৰেৰণ কৰি কংগ্ৰেছ দল ত্যাগ কৰিছিল। আজি AJP ৰ ৰাজ্যিক সম্পাদক সঞ্জয় কুমাৰ দেৱৰ উপস্থিতিত মাৰ্ঘেৰিটা চাংলাং তিনি আলিস্থিত সঞ্জয় দেৱৰ বাসগৃহৰ সমীপতে অনুষ্ঠিত এই যোগদান কাৰ্যসূচীত হৰিনন্দ গড়ে AJPৰ নীতি আৰ্দশৰ প্ৰতি আকৰ্ষিত হৈ ৩ শতাধিক  সমৰ্থক সহ যোগদান কৰে।



Ritu Bhuyan

My name is sri Rituparna Bhuyan.I am from jagun.district tinsukia,state assam,pin 786188.

Post a Comment

Previous Post Next Post