বিবিধ নিউজ,মানস প্ৰতিম গগৈ, মাৰ্ঘেৰিটা, ১ ফেব্ৰুৱাৰীঃ- শুৱালকুচিত ছাত্ৰ সন্থাই গণতান্ত্ৰিক প্ৰতিবাদ কৰাৰ সময়ত অসম আৰক্ষীয়ে কৰা বৰ্বৰ অত্যাচাৰৰ বিৰুদ্ধে আৰু কা’ বাতিলৰ দাবীত উত্তাল প্ৰতিবাদ মাৰ্ঘেৰিটা আঞ্চলিক ছাত্ৰ সন্থাৰ। মাৰ্ঘেৰিটা আছু’ৰ সভাপতি চিন্তু গগৈৰ নেতৃত্বত প্ৰায় অৰ্ধশতাধিক আছু সদস্যই মুখ্যমন্ত্ৰীৰ পুত্তলিকা দাহেৰে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে মাৰ্ঘেৰিটা চেগুনবাৰী তিনিআলি ৩১৫নং ৰাষ্ট্ৰীয় ঘাইপথত। আছুৰ প্ৰতিবাদৰ সময়ত মাৰ্ঘেৰিটা আৰক্ষীয়ে মুখ্যমন্ত্ৰীৰ পুত্তলিকা দাহত বাধাদিওঁতে আৰক্ষীৰে হতাহতিৰো সৃষ্টি হয় ফলত অধিক উত্তাল হৈ পৰে প্ৰতিবাদস্থলী। অন্যহাতে আৰক্ষীৰ এনে কাৰ্য্যক ভেৰণীয়া বাহিনী আখ্যা দিয়ে মাৰ্ঘেৰিটা আঞ্চলিক ছাত্ৰ সন্থাৰ সম্পাদক ৰুপম বৰুৱাই লগতে কয় যে আৰক্ষীয়ে নিজৰ বিবেক বুদ্ধিৰে পৰিচালনা হ’ব লাগে। আজিৰ প্ৰতিবাদৰ সময়ত কয়লাৰ কমিচনৰ অংক সংগ্ৰহত মাৰ্ঘেৰিটাৰ আৰক্ষীৰ স্বয়ম্ভূ মহৰী বুলি অভিযোগ থকা চিপাহী খাও খামতিয়ে আজিৰ প্ৰতিবাদৰ সময়ত আছু’ৰ কৰ্মীক অধিক বাধাদিয়া কাৰ্য্যক সহজ ভাৱে ল’ব পৰা নাই মাৰ্ঘেৰিটা আছুৱে। এনে আৰক্ষীক নাকী লগাবলৈ আৰক্ষীৰ ঊৰ্ধতন কৰ্তৃপক্ষক দাবী জনাইছে মাৰ্ঘেৰিটা আছুৰ সভাপতি চিন্তু গগৈয়ে।