জাগুন ঘাটত অঘটন,নদীত ডুব যোৱাৰ পৰা কথমপি ৰক্ষা পৰিল এখন চাহপাত কঢ়িওৱা বাহন



জাগুন,৩০জুন২০২১:জাগুন ঘাটত বুধবাৰে বিয়লি এক অঘটন সংঘটিত হয়।চাহ পাত কঢ়িওৱা এখন বলেৰ' পিক আপ কোনোমতে বুঢ়ীদিহিং নদীত ডুব যোৱাৰ পৰা ৰক্ষা পৰে।যাত্ৰী কঢ়িওৱা মাত্ৰ এখন মেচিন নাওঁৰ ওপৰতেই সাৰথি কৰি  জাগুন ঘাটৰ গাতে লাগি থকা প্ৰায় ছখন গাঁওৰ ৰাইজে যাতায়ত কৰে | বুধবাৰে চাহ পাত কঢ়িয়াই অনা এ.এছ দুই তিনি বি চি ন ন এক ছয় নম্বৰৰ বলেৰ পিক আপ বাহন খন ঘাট পাৰ হবলৈ লওঁতেই নাওঁৰ পৰা পিছলি পৰি নাওঁত ওলমি ৰয়। বাহনখন কোনোমতে নদীত পৰাৰ পৰা ৰক্ষা পৰে।বাহন খনত চালকসহ আৰু এজন যাত্ৰী আছিল।তেওঁলোক কথমপি ৰক্ষা পৰে।এখন জেচিবিৰ দ্বাৰা বাহন খন উদ্ধাৰ কৰা হয়।এনেধৰণৰ ঘটনা বাৰম্বাৰ সংঘটিত হৈ আহিছে আৰু স্থানীয় ৰাইজে এখন পকী দলঙৰ দাবী জনাই আহিছে কিন্তু আজি পৰ্যন্ত তেওঁলোকে সুফল পোৱা নাই।


Ritu Bhuyan

My name is sri Rituparna Bhuyan.I am from jagun.district tinsukia,state assam,pin 786188.

Post a Comment

Previous Post Next Post