জাগুনৰ কথাচেমাত বিদ্যুৎস্পৃষ্ট হৈ বনৰীয়া হাতীৰ কৰুণ মৃত্যু

 




জাগুন,১০আগষ্ট ২০২১:তিনিচুকীয়া জিলাৰ লেখাপানী থানাৰ অন্তৰ্গত জাগুনৰ কথাচেমাত  এক কৰুণ ঘটনা সংঘটিত হৈছে । বিদ্যুৎস্পৃষ্ট হৈ এটা বনৰীয়া হাতীৰ মৃত্যু হোৱাৰ সন্দেহ কৰা হৈছে।প্ৰাপ্ত খৱৰ অনুসৰি কথা কাষৰণি বনাঞ্চলৰ পৰা সোমবাৰে  নিশা চাৰিটা  হাতী খাদ্য বস্তুৰ সন্ধানত জনাঞ্চলত প্ৰৱেশ কৰিছিল আৰু এনেদৰে ওলাই আহোঁতেই এটা হাতী বিদ্যুৎস্পৃষ্ট হৈ মৃত্যু হৈছে বুলি  স্থানীয় ৰাইজে সন্দেহ কৰিছে। হাতীটোৰ মৃতদেহ প্ৰত্যক্ষ কৰি কোনো লোকে কু কাণ্ড কৰি বিদ্যুৎ সংযোগ কৰি ৰখাৰ ফলত এয়া সম্পূৰ্ণ বিদ্যুৎ স্পৃষ্ট হৈ মৃত্যুবৰণ কৰিছে বুলি ধাৰণা কৰিব পাৰি।



Ritu Bhuyan

My name is sri Rituparna Bhuyan.I am from jagun.district tinsukia,state assam,pin 786188.

Post a Comment

Previous Post Next Post