বিবিধ নিউজ,মানস প্ৰতিম গগৈ, মাৰ্ঘেৰিটা,৩০জানুৱাৰীঃ- যুৱ লেখক, নিয়মীয়াবাৰ্তাৰ মাকুমস্থিত স্থানীয় সাংবাদিক অখিল চন্দ্ৰ বৰুৱাৰ নৱতম গ্ৰন্থ “স্বপ্ন ভঙ্গৰ উচুপনি” উপন্যাসখনি শনিবাৰে অসম অৰুণাচল সীমামূৰীয়া মাৰ্ঘেৰিটা মহকুমাৰ মুংকাম বস্তী ৱাৰা গাঁৱত লিমকাম য়ংকুকৰ বাসগৃহত অনুষ্ঠিত এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত গ্ৰন্থখন উন্মোচন কৰা হয়। ঘনকান্ত গগৈয়ে পৌৰহিত্য কৰা গ্ৰন্থ উন্মোচনী সভাত সুধাকণ্ঠ ভূপেন হাজৰিকাৰ এটি গীতেৰে মুকলি সভাৰ শুভাৰম্ভ কৰে মানসী বৰুৱাই। চিংফৌ ৰজা ৰাজকুমাৰ বিচা নং চিংফৌৱে উন্মোচন কৰে “স্বপ্ন ভঙ্গৰ উচুপনি।” উন্মোচনী সভাত অতিথি হিচাপে উপস্থিত থাকে তিনিচুকীয়া জিলাৰ শিক্ষা বিষয়া ত্ৰিদীপ শৰ্মা তামুলী, টাংচা জনগোষ্ঠীৰ সাংস্কৃতিক কৰ্মী য়ানিম মচাং, টাংচা জনগোষ্ঠীৰ যুৱ নেতা দিনৌং ইয়ংকুক, তিনিচুকীয়াৰ জেষ্ঠ সাংবাদিক ৰণজিৎ দত্ত, সাংবাদিক মানস প্ৰতিম গগৈ, সঞ্জীৱ দেউৰী, আইচেং লাংচং, ৰীতা শৰ্মা বৰুৱা,বিকি দাসৰ লগতে বহুকেইগৰাকী অঞ্চলটোৰ গণ্যমান্য ব্যক্তিৰ উপৰিও টাংচা জনগোষ্ঠীয় স্থানীয় ৰাইজ। অনুষ্ঠানটিৰ আঁতধৰে ননী গোপাল দত্তই। উল্লেখ্য যে উপন্যাসখনিৰ জৰিয়তে ১৯৫০ চনৰ বৰ ভূইকঁপে তচনচ কৰা তেতিয়াৰ মৰাণ গাওসমূহৰ লগতে চৈখোৱাৰ ভয়াবহ পৰিস্থিতিৰ পৰা আৰম্ভ কৰি ফুলশয্যাৰ নিশাই বন্দুকৰ গুলীত স্বামীক হেৰুৱাই আৰ্তনাদ কৰা নাৰীৰ কৰুণ জীৱন গাঠাই স্বপ্ন ভঙ্গৰ উচুপনিক সজাই তুলিছে। অসমীয়া জাতিক কানিৰ খোলাত বহুৱাই বৃটিছে পংগু কৰিছিল। এই বৰবিহ কানিৰ ভয়াবহতাৰ প্ৰভাৱ মৰাণ জনগোষ্ঠীৰ ওপৰতো যে বাৰুকৈয়ে পৰিছিল তাক পীতাম্বৰ, জয়বৰ হঁতৰ কানিৰ খোলা কেইখনেই প্ৰমাণ দাঙি ধৰিছে। কিন্তু কানি আৰু কানিয়াৰ বিৰুদ্ধে প্ৰবল প্ৰতিবাদৰ প্ৰাচীৰ গঢ়ি মৰাণ জনগোষ্ঠীৰ একাংশ সমাজ সংগঠকে লোৱা ভূমিকাই স্বপ্ন ভঙ্গৰ উচুপনিত আশাৰ বতৰাও কঢ়িয়াই আনিছে। মৰাণ জনগোষ্ঠীৰ লগতে টাংচা আৰু মিছিং জনগোষ্ঠীৰ কিছু কথাই উপন্যাস খনিৰ অন্যতম সমল হৈ পৰিছে। কিছু চৰকাৰী বিষয়াৰ কৰ্ম ব্যস্ততাৰ মাজতে সমাজৰ প্ৰতি থকা দায়বদ্ধতাই মানৱতাক যে চুই গৈছে উপন্যাসখনত যুৱ লেখক, সাংবাদিক অখিল চন্দ্ৰ বৰুৱাই সুন্দৰকৈ প্ৰকাশ কৰিছে। জনগোষ্ঠীয় সমাজ ব্যৱস্থাৰ এখন নিভাঁজ ছবি লেখকে জীৱনৰ অভিজ্ঞতাৰ পৰা উপন্যাসৰ ৰূপ দিবলৈ সক্ষম হৈছে। গুৱাহাটীৰ প্ৰঞ্জা মিডিয়াহাইপ পাব্লিকেশ্বনে আৰু মুদ্ৰিত হৈছে তিনিচুকীয়াৰ দি অসম কম্পিউটাৰচত। মূল্য ডেৰশ টকা। উপন্যাসখনৰ আগলি পাতত বুৰঞ্জীবিদ শ্ৰীকুমাৰ দহোতীয়াই স্বপ্ন ভঙ্গৰ উচুপনিয়ে এক ঐতিহাসিক উপন্যাস ৰূপে পৰিগণিত হব বুলি আশা প্ৰকাশ কৰিছে।
যুৱ লেখক, নিয়মীয়াবাৰ্তাৰ মাকুমস্থিত স্থানীয় সাংবাদিক অখিল চন্দ্ৰ বৰুৱাৰ নৱতম গ্ৰন্থ “স্বপ্ন ভঙ্গৰ উচুপনি” উন্মোচন
byRitu Bhuyan
-
0