টিপং লালপাহাৰত নৃশংস হত্যাকাণ্ড,হত্যা কৰি মৃতদেহ পেলাই থলে বাগানৰ নলাত

 


জাগুন,২৯ আগষ্ট:লেখাপানী থানাৰ অন্তৰ্গত টিপং লালাপাহাৰ জুবলী বাগানত দেওবাৰে  এক মৃতদেহ উদ্ধাৰ হয়।হত্যাকাৰীয়ে হত্যা কৰি বাগানৰ মাজত পেলাই থোৱাৰ সন্দেহ কৰা হৈছে। উল্লেখ্য যে নগাঁওৰ ৰিয়াজুদ্দিন নামৰ মৃত লোকজন লিডুৰ বাবু খানৰ কাবাৰীত কৰ্মৰত এজন কাবাৰীৱালা আছিল।এটা  অচিনাক্ত ফোন নম্বৰৰ পৰা শনিবাৰে ৰিয়াজুদ্দিনক ভঙা লোহা,টিং বিক্ৰী কৰিব আছে বুলি কৈ ফোন আহিছিল আৰু সেই মৰ্মে তেওঁ মালিকৰ পৰা টকা লৈ বস্তুখিনি ক্ৰয় কৰিবৰ বাবে লালপাহাৰ গাঁওত উপস্থিত হৈছিল।সন্ধিয়া পৰ্যন্ত ৰিয়াজুদ্দিন ঘূৰি নোযোৱাত লালপাহাৰ গাঁওৰ ৰাইজ আৰু ৰিয়াজুদ্দিনৰ সহকৰ্মী সকলে চাৰিওফালে বিচাৰ খোচাৰ কৰাত দেওবাৰে  লালপাহাৰ গাঁওৰ জুবলী বাগানৰ এটা নলাত ৰিয়াজুদ্দিনৰ মৃতদেহ উদ্ধাৰ কৰে।বৰ্তমান লেখাপানী আৰক্ষী আৰু মাৰ্ঘেৰিটা দণ্ডাধীশৰ উপস্থিতিত মৃতদেহ উদ্ধাৰ কৰা হৈছে।ৰিয়াজুদ্দিনক ডিঙি ৰেপি হত্যা কৰাৰ লগতে ভৰিও কাটি পেলাইছে হত্যাকাৰীয়ে।ই এক পৰিকল্পিত হত্যাকাণ্ড বুলি সন্দেহ কৰিব পাৰি।হত্যাকাৰীৰ বিৰুদ্ধে আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে।।

Ritu Bhuyan

My name is sri Rituparna Bhuyan.I am from jagun.district tinsukia,state assam,pin 786188.

Post a Comment

Previous Post Next Post