জাগুন,২৮আগষ্টঃ-আজি মাৰ্ঘেৰিটা আবকাৰী বিভাগে জাগুন ঘাট, ৰামপুৰ, কাৰপুংপুলি আদি অঞ্চলত অভিযান চলাই বৃহৎ পৰিমাণৰ অৰুণাচলী বিলাতী সুৰা জব্দ কৰিবলৈ সক্ষম হয় । মাৰ্ঘেৰিটা আবকাৰী বিষয়া আনুৱাৰ হুচেইনৰ নেতৃত্বত চলা অভিযানৰ সময়ত কোনো লোকক আটক কৰিবলৈ সক্ষম হোৱা নাই। অন্যহাতে এই অভিযানৰ সময়ত কিছু পৰিমাণৰ চুলাই,মদো নষ্ট কৰে। উল্লেখ্য যে জাগুনৰ বিভিন্ন প্ৰান্তত আনকি ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত সৰু সৰু হোটেল খুলি সেইসমূহতো একাংশই অৰুণাচলী সুৰাৰ ৰমৰমীয়া বেপাৰ চলাই আছে । জাগুন ঘাটেদি বহুকেইজন লোকে অৰুণাচলৰ সুৰা সৰবৰাহ কৰি বিভিন্ন ঠাইত যোগান ধৰি আহিছে ।মুঠৰ ওপৰত জাগুনত কাঠফুলাৰ দৰে এতিয়া মদৰ হোটেল সমূহ বিভিন্ন ঠাইত গঢ় লৈ উঠিছে।আৰু সেই হোটেল সমূহত সহজে অৰুণাচলী সুৰা উপলব্ধ হয়। কিছু দিন ধৰি অবৈধ চুলাই মদ আৰু অবৈধ অৰুণাচলী সুৰাৰ বিৰুদ্ধে আবকাৰী বিভাগে অভিযান অব্যাহত ৰাখিছে যদিও ৰৌ - বৰালি ধৰিবলৈ সক্ষম হোৱা নাই।চকুৰ আগতে অবৈধ সুৰাৰ বেপাৰ কৰি থকা লোক সকলক আবকাৰী বিভাগে কিয় কৰায়ত্ত্ব কৰিব পৰা নাই সেয়াহে এতিয়া ৰহস্য হৈ পৰিছে।
জাগুনত মাৰ্ঘেৰিটা মহকুমা আবকাৰী বিভাগৰ অভিযানত অৰুণাচলী বিলাতী সুৰা জব্দ
byRitu Bhuyan
-
0