নন্দিতা শইকীয়াৰ মৃত্যুত গোর্খা ছাত্ৰ সন্থা টিৰাপ জাগুন আঞ্চলিক সমিতিৰ উদ্যোগত জাগুনত শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ আয়োজন




জাগুন,২৭ আগষ্ট:গোর্খা ছাত্ৰ সন্থা টিৰাপ-জাগুন আঞ্চলিক সমিতিৰ উদ্যোগত  জাগুনত  নন্দিতা শইকীয়াৰ মৃত্যুত এক শ্ৰদ্ধাঞ্জলি অনুষ্ঠান অনুষ্ঠিত কৰা হয়। ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি আৰু ভোজপুৰী ছাত্ৰ সন্থাই এই শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত সহযোগ কৰে।।ধেমাজী মৰিধল মহাবিদ্যালয়ৰ মেধাৱী ছাত্ৰী নন্দিতা শইকীয়াৰ মৃত্যুত সকলোৱে গভীৰ শোক প্ৰকাশ কৰাৰ লগতে বিদেহী আত্মাৰ সদগতিৰ কামনাৰে মৃতকৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন কৰি প্ৰাৰ্থনা জনোৱাৰ উপৰিও শোক-সন্তপ্ত পৰিয়াল বৰ্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰে।উল্লেখ্য যে ৰিণ্টু শৰ্মা নামৰ এটা ঘাতকৰ আক্ৰমণত প্ৰাণ দিব লগা হৈছিল মেধাৱী ছাত্ৰী নন্দিতাই। গোর্খা ছাত্ৰ সন্থাৰ টিৰাপ জাগুন আঞ্চলিক সমিতি আৰু  ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে ঘাতকক কঠোৰ শাস্তিৰ দাবী তুলিছে।

Ritu Bhuyan

My name is sri Rituparna Bhuyan.I am from jagun.district tinsukia,state assam,pin 786188.

Post a Comment

Previous Post Next Post