ডিজিটেল ডেস্ক বিবিধ নিউজ ২২ নৱেম্বৰ:
দেওবাৰে তিনিচুকীয়া জিলাৰ জাগুনৰ ছয় মাইল ৰামপুৰত ৰামপুৰ যুৱ সংঘ প্ৰেক্ষাগৃহত লেখাপানী জাগুন কুমচাই মণ্ডল কংগ্ৰেছৰ সহযোগত এখন সভা আৰু এক সম্বৰ্ধনা অনুষ্ঠান অনুষ্ঠিত হৈ যায়।তিনিচুকীয়া জিলাৰ নৱ নিযুক্ত কংগ্ৰেছৰ সাধাৰণ সম্পাদক বাসুদেৱ ছেত্ৰীক সম্বৰ্ধনা জনোৱাৰ লগতে আগন্তুক সময়ত মাৰ্ঘেৰিটা সমষ্টি কংগ্ৰেছৰ দখলত অনাৰ লক্ষ্য ৰাখিছে কংগ্ৰেছ কৰ্মী সকলে।সভা আৰম্ভ হোৱাৰ পূর্বে এক বিশাল বাইক ৰেলীৰে বাসুদেৱ ছেত্ৰীক ৰামপুৰ সভা কক্ষলৈ তেওঁৰ সমৰ্থক সকলে আদৰি আনে।বিগত সময়ত মাৰ্ঘেৰিটা সমষ্টিৰ আঞ্চলিক পঞ্চায়তৰ সভাপতি,মাৰ্ঘেৰিটা ব্লক কংগ্ৰেছৰ সভাপতি পদত থাকি বাসুদেৱ ছেত্ৰীয়ে বহুতো গঠন মূলক কাম তথা ৰাইজৰ সেৱা কৰি আহিছিল।আজি অনুষ্ঠিত সভাত হাজাৰৰো অধিক লোকৰ সমাবেশ ঘটে।মাৰ্ঘেৰিটা সমষ্টি পুনৰ কংগ্ৰেছৰ দখললৈ অনাৰ আপ্ৰাণ চেষ্টা অব্যাহত ৰাখিছে এতিয়া কংগ্ৰেছ কৰ্মী সকলে।২০২১ চনত মাৰ্ঘেৰিটা সমষ্টিত বিধায়ক ৰূপে কংগ্ৰেছৰ হৈ প্ৰতিদ্বন্দিতা কৰিব নেকি বাসুদেৱ ছেত্ৰীয়ে ?এই কথা সময়তহে নিশ্চিত হব।