জাগুনৰ বিশিষ্ট সমাজকৰ্মী ভক্ত বাহাদুৰ ছেত্রীৰ দেহাৱসান




ডিজিটেল ডেস্ক বিবিধ নিউজ ,২২নৱেম্বৰ :তিনিচুকীয়া জিলাৰ মাৰ্ঘেৰিটা সমষ্টিৰ অন্তৰ্গত জাগুনৰ নিবাসী তথা বিশিষ্ট সমাজ কৰ্মী ভক্ত বাহাদুৰ ছেত্ৰীৰ শনিবাৰে নিশা দেহাৱসান ঘটে। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৮৭ বছৰ। মৃত্যুৰ পাছত তেওঁ পত্নী, তিনিজন পুত্ৰ, তিনি গৰাকী বোৱাৰী, এগৰাকী জীয়াৰী, এজন জী -  জোৱাঁই, সাত গৰাকী নাতি - নাতিনী আৰু বহু সংখ্যক আত্মীয়ক এই সংসাৰত এৰি থৈ যায়।তেখেতে এসময়ত  ভাৰতীয় সেনাবাহিনীত সেনা জোৱান হিচাপে দেশৰ বাবে সেৱা আগবঢ়াই পৰৱৰ্তী সময়ত অৱসৰ গ্ৰহণ কৰিছিল। অৱসৰৰ পাছত তেওঁ ৰাইজৰ সেৱা তথা সমাজ সেৱাত  আত্মনিয়োগ  কৰে।সমাজ সেৱা কৰি তেওঁ সকলোৰে প্ৰিয়পাত্ৰ হৈ উঠিছিল। তেওঁ এটা সময়ত ভাৰতীয় জাতীয় কংগ্ৰেছৰ সদস্য তথা জাগুন মণ্ডল কংগ্ৰেছৰ প্ৰথম জন সভাপতি  হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। তেওঁৰ কাৰ্যকালত জাগুনৰ বহু সামাজিক উন্নয়নৰ কাম সুকলমে ৰূপায়ন কৰি যোৱাৰ চানেকি এৰিথৈ যায়।বাৰ্ধক্য জনিত কাৰণত মৃত্যুক আঁকোৱালি লোৱা ভক্ত বাহাদুৰ ছেত্ৰীৰ মৃত্যুত বৰ্তমান সমগ্ৰ অঞ্চলজুৰি শোকৰ বন্যা বোৱা পৰিলক্ষিত হৈছে। তেওঁৰ মৃত্যুত অজস্ৰ গুণমুগ্ধই শোক প্ৰকাশ কৰি তেওঁৰ অন্তিম যাত্ৰাৰ সাক্ষী হৈ ৰয় আৰু বহু সংখ্যক কংগ্ৰেছ কৰ্মীয়ে তেওঁৰ নশ্বৰ দেহত দলীয় পতাকা অৰ্পণ কৰি শেষ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে ৷ স্থানীয় সকলো ৰাইজে তেওঁৰ মৃত্যুত শোক প্ৰকাশ কৰাৰ লগতে মৃতকৰ আত্মাৰ সদগতি কামনা কৰি শোকসন্তপ্ত পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰিছে।


Ritu Bhuyan

My name is sri Rituparna Bhuyan.I am from jagun.district tinsukia,state assam,pin 786188.

Post a Comment

Previous Post Next Post