চাইকেল চলাই বিশ্বনাথৰ পৰা শদিয়াত উপস্থিত হ'ল এজন সাংবাদিক




ডিজিটেল ডেস্ক বিবিধ নিউজ ২১নৱেম্বৰ :বিশ্বৰ বিভিন্ন ঠাইৰ লগতে বৰ্তমান অসমতো দিনক দিনে বৃদ্ধি পাইছে সাংবাদিক আক্ৰমণৰ ঘটনা।সমাজৰ দুৰ্নীতিবোৰ উদঙাই দিয়াটোৱেই যেন সাংবাদিকৰ অপৰাধ।দিনক দিনে যিটো হাৰত অসমত সাংবাদিক আক্ৰমণৰ ঘটনা সংঘটিত হৈছে তাৰ পৰিপ্ৰেক্ষিতত সাংবাদিকৰ সুৰক্ষা নিশ্চিত কৰণৰ সজাগতাৰ উদ্দেশ্যে ১৭ নৱেম্বৰৰ পুৱা ৬ বজাত চাইকেল যাত্ৰা আৰম্ভ কৰিছিল বিশ্বনাথ চাৰিআলিৰ এজন জ্যেষ্ঠ সাংবাদিক স্নেহাংকৰ চক্ৰৱৰ্তীয়ে।বিশ্বনাথ চাৰি আলিৰ পৰা আৰম্ভ কৰা এই যাত্ৰাৰ অন্তত ২১ নৱেম্বৰত তিনিচুকীয়া জিলাৰ শদিয়াত আহি তেওঁ উপস্থিত হয়।ডঃ ভূপেন হাজৰিকা সেঁতুত শদিয়া প্ৰেছ ক্লাৱৰ সদস্য সকলে সাংবাদিক স্নেহাংকৰ চক্ৰৱৰ্তীক উষ্ম আদৰণি জনাই শদিয়ালৈ স্বাগতম জনায়।তেওঁ শদিয়া আৱৰ্ত ভৱনত দুদিন কটাই ২৩ নৱেম্বৰত পুনৰ উভতনি যাত্ৰা কৰিব বুলি জানিব পৰা গৈছে।শদিয়াত অন্ত পেলোৱা এই যাত্ৰাৰ সময়ছোৱাত বিভিন্ন ঠাইত যি সকলে তেওঁক উৎসাহ উদ্দীপনা যোগালে সকলোকে তেওঁ ধন্যবাদ জ্ঞাপন কৰিছে।তেওঁৰ এই কাৰ্যক বহুজনে শলাগ লৈছে।।

Ritu Bhuyan

My name is sri Rituparna Bhuyan.I am from jagun.district tinsukia,state assam,pin 786188.

Post a Comment

Previous Post Next Post