অৰুণাচলত দুই আলফা সদস্যৰ আত্মসমৰ্পণ
ঋতুপৰ্ণ ভূঞা জাগুন ৪ এপ্ৰিল ২০২০
অৰুণাচল প্ৰদেশৰ চাংলাং জিলাৰ নামপুং আৰক্ষী থানাত দুজন আলফা(স্বা:) সদস্যই শনিবাৰে আত্ম সমৰ্পণ কৰে। কেডৰ দুজনে আত্ম সমৰ্পণৰ সময়ত অৰুণাচল আৰক্ষীৰ লগত আছিল জয়ৰাম পুৰ আৰু নামপুং স্থিত ১৯ নং অসম ৰাইফল চৰ দল।আত্ম সমৰ্পণ কাৰী সদস্য দুজন ক্ৰমে চন্দ্ৰ লেখাৰু (২৬) আৰু জাহ্নু বৰুৱা(২০) ।চন্দ্ৰ লেখাৰুৰ ঘৰ অসমৰ কাৰ্বি আংলং জিলাৰ পাৰখোৱা অঞ্চলৰ আৰু জাহ্নু বৰুৱাৰ ঘৰ ডিব্ৰুগড় জিলাৰ জেৰাই গাওঁত।আত্ম সমৰ্পণ ৰ সময়ত সদস্য দুজনে কোনোধৰণৰ মাৰণাস্ত্ৰ জমা দিয়া নাই।বৰ্তমানে দুই জন সদস্যকে নামপুং আৰক্ষী আৰু অসম ৰাইফলচৰ এটি দলে সোধা পোচা অব্যাহত ৰাখিছে।