*ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ প্ৰাক্তন সাধাৰণ সম্পাদক ৰাহুল ছেত্ৰীক এন আই এ ৮ ঘণ্টা ধৰি জেৰাৰ নামত মানসিক অত্যাচাৰ*
২০ মাৰ্চ২০২০

ছাত্ৰ সমাজে গণতান্ত্ৰিক ভাবে যেতিয়া আন্দোলন কৰে তেতিয়া যিকোনো পক্ষই তাক মষিমূৰ কৰিব নোৱাৰে তাৰেই উৎকৃষ্ট প্ৰমাণ দেখুৱালে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ প্ৰাক্তন সাধাৰণ সম্পাদক ৰাহুল ছেত্রীয়ে । সমগ্ৰ অসমতে নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে অসমৰ প্ৰতিটো দল সংগঠনে জাতি ধ্বংসী আইন খন বাতিল কৰিবলৈ চৰকাৰৰ বিৰুদ্ধে আন্দোলন অব্যাহত ৰাখিছে তেনে ক্ষেত্ৰত ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ছাত্ৰ একতা সভাই সক্ৰিয় ভাবে বৰ্তমান লৈকে এই জাতিধ্বংসী আইনখন বাতিল নকৰা পয্যন্ত বিভিন্ন প্ৰকাৰে চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰি অহা পৰিলক্ষিত হৈছে । এই ক্ষেত্ৰত কা বিৰোধী সংগ্ৰাম খন এক প্ৰকাৰে স্তিমিত হোৱা পৰিলক্ষিত হোৱাৰ বিপৰীতে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ছাত্ৰ একতা সভাই অৰ্থাৎ ছাত্ৰ সমাজে জাতিটোৰ প্ৰতি অহা সংকট ৰোধ কৰিবলৈ যৎপৰোনাস্তি প্ৰচেষ্টা অব্যাহত ৰাখিছে । বিগত সময়ত কটন বিশ্ববিদ্যালয়ৰ কেইবাজনো ছাত্ৰ নেতাক চৰকাৰখনে ভেৰণীয়া বাহিনীৰ যোগেদি আন্দোলনকাৰী ছাত্ৰ সমাজৰ বিৰুদ্ধে ষড়যন্ত্ৰ ৰচনা কৰি কা বিৰোধী আন্দোলনটো মষিমূৰ কৰিবলৈ যৎপৰোনাস্তি চেষ্টা অব্যাহত ৰাখিছে । ইতিমধ্যে ছাত্ৰ সমাজৰ কেইবাজনো আগশাৰী ছাত্ৰ নেতাক আইনী প্ৰক্ৰিয়াৰ মেৰপেচত সোমোৱাই মানসিক ভাৱে আক্ৰমণ কৰিও সফলতা অৰ্জন কৰিব পৰা নাই বৰ্তমানৰ এই ফেচিবাদী চৰকাৰ খনে । কৃষক মুক্তি সংগ্ৰাম সমিতিৰ নেতা অখিল গগৈৰ ওপৰত চলোৱা এই মানসিক আৰু শাৰীৰিক নিৰ্যাতনৰ এক জলন্ত উদাহৰণ । শেহতীয়াকৈ ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ছাত্ৰ ৰাহুল ছেত্ৰীৰ ক্ষেত্ৰতো চৰকাৰ খনৰ এক প্ৰকাৰৰ চৰম ব্যৰ্থতাৰ প্ৰমাণ অসমৰ ৰাইজে প্ৰত্যক্ষ কৰিলে । ২০ মাৰ্চত ৰাহুল ছেত্ৰীক এন আই এ চমন জাৰি কৰি গুৱাহাটীৰ সোণাপুৰৰ নাজিৰাখাট স্থিত এন আই এ কাৰ্য্যালয়ত চাৰি জনীয়া এটি তদন্তকাৰী দলে প্ৰায় ৮ ঘণ্টা জুৰি জেৰা কৰি মানসিক ভাবে অত্যাচাৰ চলাই যদিও ৰাহুল ছেত্ৰীক মানসিক ভাৱে দুৰ্বল কৰাত চৰম ভাবে ব্যৰ্থ হোৱাহে পৰিলক্ষিত হল এন আই এ তদন্তকাৰী দলটো । সম্পূৰ্ণ ৮ ঘণ্টা জেৰা কৰাৰ পাছত ৰাহুল ছেত্ৰীয়ে এন আই এ কাৰ্য্যালয়ৰ পৰা মুকলি আকাশৰ তললৈ আহি এটা ফেচবুক লাইভৰ যোগেদি সমগ্ৰ বিষয়টো ৰাইজৰ আগত প্ৰকাশ কৰে । এই ফেচবুক লাইভৰ পৰা পোৱা তথ্য অনুসৰি ৰাহুল ছেত্ৰীক কৃষক নেতা অখিল গগৈৰ লগত কি যোগসূত্ৰ আছে আৰু অখিল গগৈক কিমান দিনৰ পৰা চিনি পোৱা, ইত্যাদি বিভিন্ন প্ৰশ্ন বানেৰে জেৰা কৰে তাৰোপৰি বিভিন্ন অচিনাকি লোকৰ ফটো দেখুৱাই চালে বেৰে কোবোৱা প্ৰশ্ন বানেৰে ব্যতিব্যস্ত কৰিবলৈ চেষ্টা কৰিছিল যদিও ৰাহুল ছেত্ৰীয়ে উচিত প্ৰত্যুত্তৰেৰে চুঙা চাই সোপা দিয়া বুলিহে জানিব পৰা গল । অৱশেষত ৰাহুল ছেত্ৰীয়ে কা বিৰোধী আন্দোলন কোনো কাৰণত স্থগিত কৰা নহব বৰঞ্চ এই কা বিৰোধী আন্দোলন খনি গণতান্ত্ৰিক ভাবে অব্যাহত ৰখা হব এই ক্ষেত্ৰত ছাত্ৰ সমাজ কেতিয়াও কাৰো ওচৰত মূৰ তল কৰা নহব বুলি ফেচবুক লাইভৰ জৰিয়তে প্ৰকাশ কৰে । ৰাহুল ছেত্ৰীয়ে এন আই এ কাৰ্য্যালয়লৈ যোৱাৰ পূৰ্বে যি সকল অনুৰাগীয়ে চচিয়েল মেডিয়াৰ যোগেদি ৰাহুলক উৎসাহ উদ্দীপনা, সাহস আৰু অনুপ্ৰেৰণা যোগালে সকলোকে ফেচবুকৰ জৰিয়তে ধন্যবাদ জ্ঞাপন কৰা দেখা গল ।