No title

          ৰোমন্থন

               ঋতুপৰ্ণ ভূঞা
              জাগুন ৭০০২৫০৫২৮৬


মাজনিশা নামি অহা এজাক বৰষুণ,
পাতলীয়া পাতবোৰ কপি উঠে
অজান শিহৰণত,
চেচা বতাহ জাকে কৈ যায়
তাহানিৰ ৰজা ৰাণীৰ
মায়াৱী সাধু কথা।
বন্ধ কোঠাৰ খিৰিকিটো
টুকুৰিয়াই যায়,
দি যায় নতুনৰ বতৰা।
দুৱাৰ ভেদি সোমাই আহিব খুজে
সংগীবিহিন এটি জোনাকী পৰুৱা,
সেই পোহৰতে আজি মই বিচাৰো
সৰাপাতৰ বুকুত খোদিত
লৰালিৰ বহু কবিতা।

Ritu Bhuyan

My name is sri Rituparna Bhuyan.I am from jagun.district tinsukia,state assam,pin 786188.

Post a Comment

Previous Post Next Post