*পথাৰ শিল্পী লোহিত গগৈয়ে এইবাৰ জন্মদিন
পালন কৰিব নেপালত*
অসমৰ পূৱ প্ৰান্তৰ শেষ সীমাৰ টিৰাপ অঞ্চলৰ শেষ গাঁওখন অৰ্থাৎ কেনিয়া গাঁওত জন্ম গ্ৰহণ কৰা পথাৰ শিল্পী তথা সীমান্ত সূৰ্য্য সন্মানেৰে বিভূষিত শিল্পী লোহিত গগৈয়ে জাতি মাটিৰ বহু গীত সৃষ্টি কৰি অসমীয়া সংস্কৃতিৰ পথাৰ খনক জীপাল কৰি ৰখাৰ উপৰিও ভাৰত ৰত্ন ডঃ ভূপেন হাজৰিকাৰ গীত সমূহ নেপালী ভাষালৈ অনুবাদ কৰি আন্তৰাষ্ট্ৰীয় পৰ্যায়ত সুখ্যাতি অর্জন কৰি বহিঃৰাষ্ট্র নেপালৰ ৰাষ্ট্ৰঃপতিৰ দ্বাৰা সন্মানিত হৈছিল । গৌৰৱৰ কথা যে বিগত বছৰত স্থানীয় সংগঠন সমূহে দিহিং পাটকাই ৰঙ্গ মঞ্চত শিল্পী লোহিত গগৈৰ জন্মদিন(৩০মাৰ্চ) উদযাপন কৰি শুভেচ্ছা জনাইছিল । এই বছৰো আন্তৰাষ্ট্ৰীয় পৰ্য্যায়ত শিল্পী জনাৰ জন্ম দিৱস বহিঃৰাষ্ট্র নেপাল চৰকাৰৰ সহযোগত "সভ্যতা অনুসন্ধান কেন্দ্ৰ প্ৰাইভেট লিমিটেড"ৰ সৌজন্যত আয়োজন কৰিছে । যত নেপালৰ সাংস্কৃতিক পৰিকল্পনা মন্ত্ৰী যোগেশ ভট্টৰাইৰ উপৰিও সংগীত জগতৰ বহুতো গণ্য মান্য ব্যক্তি উপস্থিত থাকিব , লগতে নেপালৰ প্ৰধান মন্ত্ৰী গৰাকীয়ে শিল্পী গৰাকীক সাক্ষাৎ কৰিব বুলি নেপালৰ উদ্যোক্তা সকলে জানিবলৈ দিছে । অনুষ্ঠানটোত অসমৰহৈ অসমীয়াৰ বাপতি সাহোন বিহু নৃত্যৰ লগতে সত্ৰীয়া নৃত্যৰ এটি অনুষ্ঠান পৰিবেশন কৰিবলৈ ২৭ মাৰ্চ তাৰিখে শিল্পী লোহিত গগৈৰ লগত সাংস্কৃতিক দলটোও ৰাওনা হব । এই সুযোগতে অসম বাসীৰ হৈ স্বনাম ধন্য পথাৰ শিল্পী লোহিত গগৈক জন্ম দিনৰ শুভেচ্ছা আগতীয়াকৈ জ্ঞাপন কৰিলো ।