লেখাপানীৰ কুমচাইত উপস্থিত পৰ্যটন মন্ত্ৰী চন্দন ব্ৰহ্ম


ডিজিটেল ডেস্ক,বিবিধ নিউজ:তিনিচুকীয়া জিলাৰ মাৰ্ঘেৰিটা বিধানসভা সমষ্টিৰ অন্তৰ্গত কুমচাই কং জনজাতীয় বেষ্টনীত আজি অসম চৰকাৰৰ ভৈয়াম জনজাতি,অন্যান্য পিছপৰা শ্ৰেণী তথা পৰ্যটন মন্ত্ৰী চন্দন ব্ৰহ্ম উপস্থিত থাকে। টিৰাপ জনজাতীয় স্বায়ত্ব শাসিত জিলা পৰিষদ দাবী সমিতিৰ উদ্যোগত আয়োজন কৰা  প্ৰথম বাৰ্ষিক ভূমিপুত্ৰ জনজাতীয় সমাৰোহত টিৰাপ অঞ্চলৰ কেইবা শতাধিক জনজাতীয় সম্প্ৰদায়ৰ লোকে পথৰ দুয়োকাষে থিয় হৈ অভিবাদন জনাই মূল মঞ্চলৈ আদৰি অনাৰ লগতে কেইবাটাও জনগোষ্ঠীয় দল সংগঠনৰ তৰফৰ পৰা সম্বৰ্ধনা জনোৱা হয়।আজিৰ এই ভূমিপুত্ৰ জনজাতীয় সমাৰোহৰ মূল উদ্দেশ্য আছিল টিৰাপ অঞ্চলত বসবাস কৰি অহা চিংফৌ,খামতি, টাংচা,চেমা আৰু মান টাই ভাষিক-টাই ফাকে,টাই খাময়াঙ,টাই টুৰুং আৰু টাই আইতন জনগোষ্ঠীৰ লোকসকলে অতীজৰে পৰা কৰি অহা সংগ্ৰাম তথা ন্যায্য দাবী সমূহ পূৰণ কৰি সকলোৱে সম উন্নয়নেৰে আগবাঢ়ি যোৱা। অনুষ্ঠানত উপস্থিত থাকি সন্মানীয় মন্ত্ৰী চন্দন ব্ৰহ্ম ডাঙৰীয়াই টিৰাপ মৌজাত অতীজৰে পৰা বসবাস কৰি অহা জনজাতীয় লোকসকলৰ স্বায়ত্ব শাসনৰ যি দাবী আছিল তাৰ প্ৰতি গুৰুত্ব প্ৰদান কৰি অজনজাতীয় লোকসকলৰ কোনো ধৰণৰ ক্ষতি নোহোৱাকৈ টিৰাপ জনজাতীয় স্বায়ত্ব শাসিত জিলা পৰিষদ গঠনৰ কাম ক্ষিপ্ৰতাৰে আগবঢ়াই নিয়াৰ লগতে আগন্তুক ৰাজ্যিক কেবিনেটত বিল উত্থাপন কৰাৰ বাবে প্ৰস্তুতি সম্পূৰ্ণ হৈ উঠিছে বুলি গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়াই।



Ritu Bhuyan

My name is sri Rituparna Bhuyan.I am from jagun.district tinsukia,state assam,pin 786188.

Post a Comment

Previous Post Next Post