জাগুন,২৬ আগষ্ট:জাগুনত হাতী মানুহৰ সংঘাত অব্যাহত আছে।বুধবাৰে নিশা জাগুনৰ কথা আদৰ্শ গাঁও আৰু চন্দ্ৰপুৰ গাঁওত তিনিটাকৈ হাতীয়ে আক্ৰমণ কৰি পাঁচ জন ব্যক্তিৰ বাসগৃহ ভাঙি পেলায়।কথা আদৰ্শ গাঁওৰ ফুলিন্দ্ৰ হাজং,চিত্তবাছি হাজং আৰু অৰ্জুন হাজংৰ লগতে চন্দ্ৰপুৰ গাঁওৰ বুলবুল দিহিঙীয়া আৰু গুঞ্জ বৰুৱা নামৰ এই পাঁচ জন ব্যক্তিৰ বাসগৃহ হাতী কেইটাই ভাঙি পেলায়।কথমপি লোকসকলে প্ৰাণ ৰক্ষা কৰিবলৈ সক্ষম হয়।বাসগৃহ কেইটাৰ সকলো বস্তু হাতীৰ জাকটোৱে লণ্ড ভণ্ড কৰে ।নিশা প্ৰায় দুই মান বজাত কথা কাষৰণি সংৰক্ষিত বনাঞ্চলৰ পৰা হাতীৰ জাকটো ওলাই আহিছিল।হাতী মানুহৰ সংঘাত এই অঞ্চলত দৈনন্দিন ঘটনাৰ দৰে হৈ পৰিছে।খাদ্যবস্তুৰ সন্ধানত ওলাই অহা হাতীৰ জাকে এনেদৰে এই অঞ্চলৰ ৰাইজৰ নিদ্ৰা হৰণ কৰি আহিছে।।
জাগুনত বনৰীয়া হাতীয়ে লণ্ড ভণ্ড কৰিলে পাঁচ জন লোকৰ বাসগৃহ
byRitu Bhuyan
-
0
