জাগুন,২৭ আগষ্ট:টাই আহোম ছাত্ৰ সন্থা পাটকাই আঞ্চলিক সমিতিৰ উদ্যোগত আৰু টাই আহোম যুৱ পৰিষদ আৰু অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ টিৰাপ জাগুন আঞ্চলিক আৰু স্থানীয় ৰাইজৰ সহযোগত উদয়পুৰত মৰিধল মহাবিদ্যালয়ৰ প্ৰয়াত ছাত্ৰী নন্দিতা শইকীয়াৰ এক শ্ৰদ্ধাঞ্জলি অনুষ্ঠান অনুষ্ঠিত কৰা হয়। মেধাৱী ছাত্ৰী নন্দিতা শইকীয়াৰ মৃত্যুত সকলোৱে গভীৰ শোক প্ৰকাশ কৰাৰ লগতে বিদেহী আত্মাৰ সদগতিৰ কামনাৰে মৃতকৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন কৰি প্ৰাৰ্থনা জনোৱাৰ উপৰিও শোক-সন্তপ্ত পৰিয়াল বৰ্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰে। উল্লেখ্য যে ৰিণ্টু শৰ্মা নামৰ এটা ঘাতকৰ আক্ৰমণত প্ৰাণ দিব লগা হৈছিল মেধাৱী ছাত্ৰী নন্দিতাই। এতিয়া সকলোৱে ঘাতক ৰিণ্টু শৰ্মাক কঠোৰৰ পৰা কঠোৰ শাস্তি দিবলৈ চৰকাৰক আহ্বান জনাইছে।
লেখাপানীৰ উদয়পুৰত টাই আহোম ছাত্ৰ সন্থা পাটকাই আঞ্চলিকৰ উদ্যোগত নন্দিতা শইকীয়াক শ্ৰদ্ধাঞ্জলি জ্ঞাপন
byRitu Bhuyan
-
0