বিবিধ নিউজ,জাগুন:জাগুন বনবিভাগ কাৰ্য্যালয়ৰ অন্তৰ্গত টকৌপানী অঞ্চলত আজি নিশা এটা বনৰীয়া হাতীয়ে তাণ্ডৱ চলায়।চন্দ্ৰ গোৱালা নামৰ লোকজনৰ বাসগৃহটো সম্পূৰ্ণ ৰূপে ভাঙি পেলায় হাতীয়ে।শুক্ৰবাৰে নিশা প্ৰায় ৯ বজাত হাতীটো অহাৰ উমান পায় চন্দ্ৰ গোৱালা আৰু তেওঁৰ ভাতৃয়ে কোনোমতে নিজৰ প্ৰাণ বচাই পলায় যাবলৈ সক্ষম হয়।হাতীটোৱে বাসগৃহটো সম্পূৰ্ণ ৰূপে ভাঙি পেলোৱাৰ লগতে চাউলৰ লগতে বিভিন্ন খাদ্য সামগ্ৰী খায় নষ্ট কৰি থৈ যায়।প্ৰায় 20 হাজাৰ টকাৰ সম্পত্তি নষ্ট হোৱা বুলি চন্দ্ৰ গোৱালাই জানিবলৈ দিছে।এনেদৰে জাগুনত প্ৰায় হাতী বনাঞ্চলৰ পৰা জনাঞ্চললৈ ওলাই আহি আক্ৰমণ চলায় আৰু ইয়াৰ মূল কাৰণ বনাঞ্চল সমূহত একাংশ বনদস্যুৰ কৱলত এতিয়া প্ৰায় ধ্বংসৰ গৰাহত।।
জাগুনত হাতীয়ে আক্ৰমণ কৰি ভাঙিলে বাসগৃহ,কোনোমতে প্ৰাণ ৰক্ষা দুই ভাতৃৰ
byRitu Bhuyan
-
1
Hi Ritu. Is there a way to contact you. email/ phone/ Whatsapp?
ReplyDelete